ক্ষেত্ৰ আৰু সংস্কৃতি, অসমৰ দায়িত্ব আৰু কৰণীয়

Authors

  • Dr Dhurjjati Sarma

Abstract

অসমীয়া ভাষাত মানৱ-বিদ্যা আৰু সমাজ-বিজ্ঞান বিষয়ক এখন গৱেষণাধৰ্মী বিশেষজ্ঞ-পৰ্য্যালোচিত ৱেব জাৰ্ণাল হিচাপে ক্ষেত্ৰ আৰু সংস্কৃতি - অসমৰ কেতবোৰ গুৰুত্বপূৰ্ণ দায়িত্ব আৰু কৰণীয় কাম আছে। অসম আৰু সমগ্ৰ উত্তৰ-পূৱ ভাৰতবৰ্ষত সামগ্ৰিকভাৱে পৰিলক্ষিত সামাজিক আৰু সাংস্কৃতিক বিষয় আৰু বিবাদসমূহক উদ্দেশ্য কৰি এই জাৰ্ণালখনৰ মাধ্যমেৰে বিশ্বজনীন স্তৰত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ সম্ভৱ কৰাৰ লগতেই ডিজিটেল প্লেটফৰ্মত আমাৰ ভাষাত বিদ্যায়তনিক ভাৱ-বিনিময়ৰ এক সবল আৰু বলিষ্ঠ পৰম্পৰা গঢ়ি তোলাৰ দিশতো মনোনিবেশ কৰা হ’ব। বৰ্তমান যুগটো ছ’ছিয়েল মিডিয়াৰ যুগ। ফেচবুক, টুইটাৰ, হোৱাট্‌ছ এপ্‌ আদিৰ দৰে মাধ্যমবোৰক সৃজনাত্মক বাদ-বিবাদ আৰু সমালোচনাৰ এক গতিশীল আহিলা হিচাপে গঢ় দিয়াৰ লগতে তেনেধৰণৰ মাধ্যমৰ যোগেদি যথাযোগ্য ভাৱে প্ৰসাৰিত হ’ব পৰাকৈ উচিত ‘কণ্টেণ্ট’ সৃষ্টি কৰাৰো প্ৰয়োজনীয়তা আছে। বৰ্তমান সময়ত কেইটামান নিউজ পোৰ্টেলৰ বাহিৰে ছ’ছিয়েল মিডিয়াত অসমীয়া ভাষাত আনুষ্ঠানিকভাৱে ভাব-বিনিময় তথা বিশ্লেষণাত্মক আলোচনা কৰাৰ মাধ্যম তেনেই অপৰ্য্যাপ্ত। যি সময়ত ‘ডিজিটেল হিউমেনিটিছ’এ বিদ্যায়তনিক পৰিমণ্ডলত এক বিশ্বব্যাপি আলোড়নৰ সৃষ্টি কৰিছে আৰু বৌদ্ধিক কচৰৎ আৰু চৰ্চাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন কৰিছে, তেনেস্থলত আন আন ভাৰতীয় ভাষাবোৰৰ লগতে অসমীয়া ভাষাতো এই দিশত সক্ৰিয়ভাৱে কাম আৰম্ভ কৰাৰ সময় আহি পৰিছে।

Downloads

Published

2021-01-17

How to Cite

Sarma, D. (2021). ক্ষেত্ৰ আৰু সংস্কৃতি, অসমৰ দায়িত্ব আৰু কৰণীয়. ক্ষেত্ৰ আৰু সংস্কৃতি, অসম, 1(1). Retrieved from https://kshetraarusanskriti.in/index.php/kas/article/view/1

Issue

Section

সম্পাদকীয়